গুজৰাটৰ ডেডিয়াপাডা বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰিছে আম আদমী পাৰ্টিয়ে (AAP)। সমষ্টিটোৰ মুঠ ১১খন আসনৰ আটাইকেইখনতে জয়লাভ কৰি দলে এক নতুন ইতিহাস সৃষ্টি কৰিছে।
দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত লাভ কৰা এই ফলাফলক জনতাৰ আস্থা আৰু সমৰ্থনৰ প্ৰতিফলন বুলি অভিহিত কৰা হৈছে। AAP-ৰ মতে, এই জয়ে গুজৰাটত বিকল্প ৰাজনীতিৰ ভেটি অধিক সুদৃঢ় কৰিছে।
আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ (BJP) বাবে এই ফলাফল এক ডাঙৰ ৰাজনৈতিক বাৰ্তা হিচাপে বিবেচিত হৈছে।
এই বিজয়ৰ পিছত AAP-এ গুজৰাটত আগন্তুক নিৰ্বাচনৰ বাবে অধিক আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ সংকেত দিছে।

